আঞ্চলিক ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানসমূহ: নতুনকৈ স্থানীয়কৰণ কৰা ব্ৰেণ্ডসমূহৰ বাবে এক চিন্তা

Written by: Yasmin Sultana

ভাষাসমূহ যদি একোটা চৰিত্ৰ হ’লহেঁতেন, ইংৰাজী ভাষাটো আটাইতকৈ ভাল সহকৰ্মী হিচাপে উপযুক্ত হ’লহেঁতেন, কিন্তু কেৱল আঞ্চলিক ভাষাহে এনে এজন বন্ধু হ’লহেঁতেন যাৰ সৈতে আপুনি মনৰ কথা পাতিব পাৰিলেহেঁতেন আৰু নিসংকোচে ফুৰিব পাৰিলেহেঁতেন। ব্ৰেণ্ডসমূহৰ এতিয়া আকাংক্ষিত গ্ৰাহকসকলৰ বাবে সেইজন ‘বন্ধু’ হোৱাৰ হেঁপাহ বৃদ্ধি পাবলৈ ধৰিছে। তেওঁলোকে এতিয়া এনে এটা ভাষাত কথা কথা পাতিবলৈ বিচাৰে যিটো ভাষাই কেৱল ভাব

বিনিময় কৰাই নহয় বৰঞ্চ মানুহক আনন্দিতও কৰে। যদি ইমানবোৰ মানুহক আনন্দিত কৰিবলৈ ইমান বেছিসংখ্যক ভাষা ক’বলগীয়া হয়, তেন্তে সেয়া কৰিবলৈও ব্ৰেণ্ডসমূহ সাজু!

স্থানীয়কৰণে বিভিন্ন উদ্যোগত গ্ৰাহক জড়িত হোৱাৰ পৰিৱেশ অতি দ্ৰুত গতিত সলনি কৰিছে। কথা-বাৰ্তা এতিয়া গণ মাধ্যমৰ পৰা গৈ মানুহৰ হাতৰ মুঠিত ৰাখিব পৰা আল্ট্ৰা-পাৰ্ছনেল টাচ্চ পইণ্টলৈ প্ৰসাৰিত হৈছে। গ্ৰাহকে যাতে অধিক সহজ অনুভৱ কৰে তাৰ উদ্দেশ্যে পাৰ্ছনেল টাচ্চত অধিক গুৰুত্ব দিয়া হৈছে। এই নতুন উচ্চাকাংক্ষা কেৱল অভিলাষৰ ফচল নহয়। বৰঞ্চ ই মানুহৰ দৈনন্দিন প্ৰয়োজনীয়তালৈ ৰূপান্তৰিত হৈছে। প্ৰতিযোগিতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। বজাৰৰ অংশীদাৰিত্ব হ্ৰাস পাই আহিছে। পৃথকীকৰণ এতিয়া অধিক প্ৰত্যাহ্বানমূলক হৈ পৰিছে। ব্যৱসায়ৰ এনে ধৰণৰ পৰিৱেশত, স্থানীয়কৰণৰ এক সফল কৌশলে এইপৰ্যন্ত স্পৰ্শ নকৰা বজাৰখন মুকলি কৰাৰ লগতে ইতিমধ্যে থকা বজাৰখনতো এক শক্তিশালী পৃথকীকৰণৰ কাৰক হৈ ধৰা দিয়ে। কিন্তু এয়া কৰাতকৈ ক’বলৈ অধিক সহজ। আঞ্চলিক ভাষাত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ব্ৰেণ্ডবোৰৰ মূল প্ৰত্যাহ্বানসমূহ কি কি? ব্ৰেণ্ড আৰু ভাষা সম্পৰ্কে বুজাৰ ক্ষেত্ৰত আমাৰ সমৃদ্ধ অভিজ্ঞতাৰ পৰা উপলব্ধি কৰিব পৰা প্ৰধান পাঁচটা প্ৰত্যাহ্বান তলত উল্লেখ কৰা হৈছে।

1.    বক্তব্যৰ ওপৰত থকা সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰুওৱা

স্থানীয়কৰণ কোনো নতুন পৰিঘটনা নহয়। বহু যুগ ধৰি গণ মাধ্যম আৰু প্ৰকাশন উদ্যোগসমূহে বিভিন্ন ভাষাত সময়ে সময়ে সফলতাৰে সমল প্ৰকাশ কৰি আহিছে। কিন্তু তেওঁলোকৰ মুখ্য উৎপাদন হৈছে ‘সমল’ আৰু তেওঁলোকে অনুবাদ আৰু স্থানীয়কৰণৰ জটিলতাসমূহ বুজি পায়। আঞ্চলিক ভাষাত প্ৰৱেশ কৰা প্ৰায়বোৰ নতুন ব্ৰেণ্ডৰ বাবে ভাষাৰ অভিজ্ঞতা মুখ্য প্ৰ’ডাক্ট নহয়, যদিও ই গ্ৰাহকৰ আনন্দৰ অতিকৈ গুৰুত্বপূৰ্ণ কাৰক। এনে প্ৰতিষ্ঠানৰ আটাইতকৈ তীক্ষ্ণ বুদ্ধিমত্তাসম্পন্ন লোকেও সিদ্ধান্ত লোৱাৰ সময়ত অস্থিৰ মুহূৰ্তৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। স্থানীয় ভাষা ব্যৱহাৰ কৰিলে তেওঁলোকৰ দৃষ্টিত বক্তব্যৰ ওপৰত থকা সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰাবও পাৰে। তেওঁলোক কেনেকৈ নিশ্চিত হ’ব যে তেওঁলোকৰ ব্ৰেণ্ডটোৰ মূল বাৰ্তাটো তেওঁলোকে বিচৰাধৰণেই এনে এটা ভাষাত প্ৰকাশ কৰা হৈছে যিটো ভাষা তেওঁলোকে বুজি নাপায়? বিশ্বাসৰ এই দোমোজাই বহু কোম্পানীক ভয় খুৱায় আৰু তেওঁলোকক উচ্চতালৈ লক্ষ্য নিৰ্ধাৰণ কৰাৰ পৰিৱৰ্তে নিৰাপদ হৈ খেল খেলিবলৈ বাধ্য কৰে। যিসকলে নিজৰ হৈ কথা ক’বলৈ উপযুক্ত ব্যক্তি বিচাৰি পায় তেওঁলোকে এই নাৰ্ভাছ মিছনত সফলতা লাভ কৰে।

2.    অগ্ৰাধিকাৰৰ বিভ্ৰান্তিকৰ প্ৰশ্ন

প্ৰতিটো ব্ৰেণ্ডৰে গ্ৰাহকৰ বাবে একাধিক টাচ্চ পইণ্ট আছে। অধিকাংশ ক্ষেত্ৰতে ব্ৰেণ্ডবোৰৰ একেলগে সকলো স্থানীয় ভাষালৈ যোৱাৰ আগ্ৰহ আৰু সক্ষমতা নাথাকে। এনেক্ষেত্ৰত, ক’ৰ পৰা আৰম্ভ কৰিব সেই সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আহি পৰে। এই প্ৰশ্নৰ উত্তৰ দিবলৈ ব্ৰেণ্ড এটাই এটা ভাষাৰ অভিজ্ঞতাৰ দৃষ্টিৰে প্ৰতিটো টাচ্চপইণ্ট চালি জাৰি চাব লাগে আৰু ক’ত আটাইতকৈ বেছি প্ৰভাৱ পৰিব সেয়া বুজিব লাগে। সৰ্বাধিক দৃশ্যমান অভিজ্ঞতাবোৰ সাধাৰণতে আটাইতকৈ বেছি ফলপ্ৰসূ হয়। এয়া কোনো বিজ্ঞাপন, ৱেবছাইটৰ লেণ্ডিং পৃষ্ঠা অথবা কোনো প্ৰ’ডাক্টৰ ইণ্টাৰফে’চ হ’ব পাৰে। এই টাচ্চপইণ্টবোৰে এগৰাকী গ্ৰাহকক আকৰ্ষিত কৰি তেওঁক তৎক্ষণাত আনন্দিত কৰি তুলিব আৰু তেওঁক এই আনন্দদায়ক অভিজ্ঞতা অধিক হাৰত বিচাৰিবলৈ বাধ্য কৰিব। স্থানীয়কৰণৰ এটা ভাল কৌশল এই অগ্ৰাধিকাৰৰ টাচ্চ পইণ্টৰ পৰাই আৰম্ভ হ’ব আৰু যিটো স্থানীয় ভাষা ব্যৱহাৰ কৰা হ’ব সেই ভাষাটোত সম্পূৰ্ণ অভিজ্ঞতা সৃষ্টি নকৰা পৰ্যন্ত এই কৌশল সম্পূৰ্ণভাৱে অনুসৰণ কৰা হ’ব। একেধৰণে, কাৰ্যকৰী বজাৰ বিভাজনেও স্থানীয়কৰণৰ সময়ত কোনবোৰ ভাষাক অগ্ৰাধিকাৰ দিয়া উচিত তাৰ এক সূত্ৰ প্ৰদান কৰিব।

3.    উপযুক্ত অংশীদাৰ চিনাক্তকৰণ

সকলো ব্ৰেণ্ডৰ বাবে নিজৰ প্ৰতিষ্ঠানত ভাষা আৰু সংস্কৃতিৰ বিশেষজ্ঞ ৰখাটো সম্ভৱ নহয়। স্থানীয়কৰণৰ সঠিক অংশীদাৰ বাচনি কৰাটোৱেও আঞ্চলিক ভাষাত প্ৰৱেশ কৰাৰ কৌশলৰ সফলতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি সাৱধানতাৰে ‘অংশীদাৰ’ শব্দটো ব্যৱহাৰ কৰোঁ কাৰণ এই মনোভাবে এনে ধৰণৰ লক্ষ্যত আটাইতকৈ ভাল কাম কৰে। বুদ্ধিমান ব্ৰেণ্ডে এনে এটা এজেঞ্চিৰ সৈতে অংশীদাৰিত্ব কৰি ভাল ফলাফল প্ৰদৰ্শন কৰিব, যি তেওঁলোকৰ প্ৰধান মূল্যবোধক উপযুক্তভাৱে প্ৰতিবিম্বিত কৰে। ইয়াৰ পাছত এজেঞ্চিটোক প্ৰশিক্ষণ দিয়া আৰু ব্ৰেণ্ডটোৰ সৈতে সুসংসহ কৰাটো অধিক সহজ হৈ পৰে। যেতিয়া যৌথ মালিকানাৰ ধাৰণা থাকে তেতিয়া সফল হোৱাৰ বাবে পাৰস্পৰিক বিশ্বাস আৰু সন্মিলিত প্ৰচেষ্টা থাকে। এটা লেনদেনৰ সম্পৰ্কত কেৱল যিমানখনি কৰাৰ প্ৰয়োজন মাত্ৰ সিমানেই কৰা হ’ব, তাতকৈ অধিক নহয়!

4.    স্থানীয়কৰণ বনাম অনুবাদৰ পাৰ্থক্য বুজি পোৱা

এই বাক্যটোৰ বিষয়ে ভাবক। There is no set rule that a well-set brand should rule a market like a monopoly. In fact there is a thumb rule that states that any brand that tries to do so will only fall like a set of cards. (এটা প্ৰতিষ্ঠিত ব্ৰেণ্ডে এখন বজাৰত একনায়কত্ববাদী প্ৰভূত্ব চলাব বুলি কোনো নিৰ্ধাৰিত নিয়ম নাই। ইয়াৰ পৰিৱৰ্তে, এটা মৌলিক নিয়ম আছে য’ত কোৱা হৈছে যে এনে কৰিবলৈ চেষ্টা কৰা যিকোনো ব্ৰেণ্ড তাচপাতৰ ঘৰৰ দৰেই খহি পৰিব।) ইংৰাজী বাক্যশাৰীত  ‘set’ আৰু ‘rule’ এই দুয়োটা শব্দই ভিন্ন প্ৰসংগত তিনিবাৰকৈ উল্লেখ কৰা হৈছে। এগৰাকী অনুবাদকে মূল ইংৰাজী আৰু অনূদিত ভাষাৰ প্ৰতিটো শব্দ মিলাবলৈ চেষ্টা কৰিব আৰু তেওঁ সৃষ্টি কৰা আসোঁৱাহে হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হ’ব। ইয়াৰ পৰিৱৰ্তে, এগৰাকী ল’কেলাইজাৰে বাক্যটোৰ অন্তৰ্নিহিত অৰ্থ বুজি অন্য এটা ভাষাত সেই অৰ্থ প্ৰকাশ কৰিব। ভাষা হৈছে এক আমোদজনক বস্তু। ভাষাত যেতিয়া ভুল হয় তেতিয়া ই নিশ্চিতভাৱে হাস্যকৰ হৈ উঠে। সেয়া বাহিৰৰ বিশ্বৰ বাবে আমোদজনক কিন্তু তাৰ সৈতে জড়িত থকা ব্ৰেণ্ডটোৰ বাবে লজ্জাজনক। আমি মনত ৰাখিব লাগিব যে, স্থানীয়কৰণ সেই অৱশিষ্ট কেইটিমান ক্ষেত্ৰৰ অন্যতম, য’ত মেচিনে এতিয়াও মানুহক অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই। আক্ষৰিক অনুবাদ কৰাৰ লোভ সামৰি থওক আৰু ভাবাৰ্থ অনুসৰি স্থানীয়কৰণ কৰাৰ প্ৰক্ৰিয়াক আকোৱালি লওক। ই শব্দতকৈও আগত!

5.    মানৰ সৈতে দক্ষতা অৰ্জন

ভাল ব্যৱসায়ে সদায় নিজৰ দক্ষতা বৃদ্ধি কৰাৰ উপায় বিচাৰি উলিয়ায়। ত্যাগ কৰিব পৰাকৈ অতিৰিক্ততা, সুবিধা ল’ব পৰাকৈ সামঞ্জস্যতা, স্বয়ংক্ৰিয় কৰিব পৰা প্ৰক্ৰিয়া আৰু জুখিব পৰাকৈ সম্ভাৱনীয়তা সদায় থাকে। প্ৰযুক্তিয়ে কম্পিউটাৰ সমৰ্থিত অনুবাদ (CAT) সঁজুলিৰ সহায়ত স্থানীয়কৰণ উদ্যোগৰ ব্যপক পৰিবৰ্তন সাধন কৰিছে। ভাষা যিদৰে এটা শিল্প, ঠিক সেইদৰে স্থানীয়কৰণৰ আঁৰত এক বিজ্ঞানো আছে যি অনূকুলনৰ বাবে পৰ্যাপ্ত অৱকাশ প্ৰদান কৰে। নতুনকৈ স্থানীয়কৰণ কৰা এটা ব্ৰেণ্ডৰ বাবে এইটো বুজি পোৱাটো আটাইতকৈ সহজ প্ৰত্যাহ্বান হ’ব কাৰণ এয়া সংখ্যা আৰু যুক্তিৰ এক পৰিচিত ক্ষেত্ৰ। আপোনাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ প্ৰযুক্তিসম্পন্ন সুবিধা সৃষ্টি কৰি সেইবোৰ প্ৰয়োগ কৰিব পৰাকৈ আপোনাৰ স্থানীয়কৰণৰ অংশীদাৰ যাতে কাৰিকৰীভাৱে সম্পূৰ্ণ সুসজ্জিত হয় সেয়া সুনিশ্চিত কৰক।

সকলো বিষয় চালি জাৰি চাই এই সিদ্ধান্তত উপনীত হ’ব পাৰি যে স্থানীয়কৰণ নকৰাতকৈ স্থানীয়কৰণ কৰাটোৱে সঠিক ব্যৱসায়বোধৰ পৰিচয় দিয়ে। এয়া কৰিবলৈ যাওঁতে আপোনাৰ ব্ৰেণ্ডটো যাতে সঠিক চিন্তা আৰু উপযুক্ত অংশীদাৰৰ সৈতে আগবাঢ়ে সেয়া সুনিশ্চিত কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *