বদমাছি

শান্তনু চাংমাই
Written by: Santanu C

মাজনীৰ আজি খুব ফূৰ্তি! ৰাজু মামা বহুদিনৰ মূৰত আহিছে, লগত মামাৰ ল’ৰা নীলু| ৰাজু মামাই তাইৰ কাৰণে এগালমান টফী আনিছে, চ’কলেট ফ্লেভাৰ- তাইৰ অতিকৈ প্ৰিয়| তাইক টফীখিনি দি ৰাজু মামাই মাকহতৰ লগত কথা পাতিবলৈ গুছি গ’ল|নীলুৰ লগত বিছনাৰ ওপৰত বহি মাজনীয়ে কথা পাতি থাকিল| অলপ পিছত নীলুৱে তাইক বস্তু এটা দেখুৱালে| এমুঠি ৰং বিৰঙী মাৰ্বল| নীলা সেউজীয়া মাৰ্বলখিনি দেখি তাইৰ লোভ লাগিল| সেইখিনি নিজৰ কৰি পাবলৈ তাইৰ মন গ’ল| কথাটো তাই নীলুক ক’লে| নীলুৰ চকু কিন্তু টফীত; দাঁত কেইটা পচিব বুলি দেউতাকে তাক টফী চুবলৈকে নিদিয়ে|

অলপ পৰৰ পিছত “চুক্তি” এটা হ’ল- তাই গোটেখিনি টফী নীলুক দিব, আৰু তাৰ পৰিবৰ্তে নীলুৱে গোটেইখিনি মাৰ্বল তাইক দি দিব|মাৰ্বলখিনি লৈ মাজনী খুব সুখী হ’ল আৰু নীলুৱেও টফী চোবাই চোবাই দাঁতৰ কথা সমূলি পাহৰি গ’ল| আবেলিলৈ ভাত-পানী খাই উঠি ৰাজু মামা আৰু নীলু বাছ ধৰি গুছি গ’ল| মাৰ্বলকেইটা লিৰিকি বিদাৰি মাজনীয়ে ভাবিলে, “তাই যেনেকৈ কেইটামান টফী নীলুৱে নেদেখাকৈ লুকুৱাই থৈ দিলে, তেনেকৈ নীলুৱেও জানো তাইক আটাইকেইটা মাৰ্বল দিলে? নীলুটো মহা বদমাছ!”

 

 

সাৱিত্ৰী প্লেটফৰ্মত ৰৈ আছে| ট্ৰেইনখন হেনো আজি পলমকৈ আহিব

সাম্প্ৰদায়িক সংঘৰ্ষ চলি থকাৰ কাৰণে এইকেইদিন ট্ৰেইনবোৰ সময়মতে চলিব পৰা নাই|

হওক, কোনো কথা নাই; অপেক্ষা কৰিব, অপেক্ষা কৰাত তাই এনেয়েও ভাল| ষ্টেশ্যনৰ ৱেইটিং ৰূমত বস্তু বাহানিবোৰ থৈ প্লেটফৰ্মত তাই খোজকাঢ়ি ফুৰিছে|

কেইবাঘন্টাও পাৰ হৈ গ’ল| মাজতে অন্য স্থানলৈ যাত্ৰা কৰা ট্ৰেইন দুখনমান পাৰ হৈ গ’ল|

তাইৰ ট্ৰেইনখন আহিছে| দূৰৈৰ পৰা ইঞ্জিনটো দেখা পোৱা গৈছে| বস্তুখিনি আনিবলৈ তাই ৱেইটিং ৰূমলৈ গ’ল, বেগটো কান্ধত তুলি ল’লে, বাওঁহাতত সি উপহাৰ দিয়া পুতলাটো|

ওলাই আহি দেখে- এইয়া কি? ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰিলেই!

লাহে লাহে ট্ৰেইনখনে পিক-আপ লৈছে| লাহে লাহে গৈ থাকিলেও তাইৰ পৰা বহু আগত ট্ৰেইনখন|

তাই দৌৰিবলৈ আৰম্ভ কৰিলে…

ট্ৰেইনখনেও গতি ল’লে…

তাই দৌৰিছে, বেগাই দৌৰিছে…

ট্ৰেইনখন তাতোকৈও খৰকৈ চলিছে…

ট্ৰেইনখনৰ শেষ দবাটোলৈ চাই চাই দৌৰি থাকোঁতেই প্লেটফৰ্ম শেষ হৈ গ’ল|

ট্ৰেইনখন গুছি গ’ল…

বিষণ্ণ দৃ্ষ্টিৰে সেইফালে চাই তাই থিয় হৈ থাকিল!

 

প্লেটফৰ্মৰ পকাত বহিব খোজোঁতেই তাই কিবা এটা অনুভৱ কৰি তললৈ হাতখন নি চক খাই উঠিল|

এইয়া কেনেকৈ সম্ভৱ?

তাই দুবাৰকৈ প্ৰেগনেন্সী কিটত পৰীক্ষা কৰি চাইছিল; দুয়োবাৰেই পজিটিভ চিহ্ন দেখিবলৈ পাইছিল| 

তেন্তে এয়া… পিৰিয়ড দহদিন দেৰিকৈ আৰম্ভ হ’ল|

ট্ৰেইনখনে এৰি থৈ যোৱাৰ দুখতকৈও গধূৰ দুখ এটাই চোঁচা মাৰি আহি সাৱিত্ৰীৰ বুকুখন চেপা মাৰি ধৰিলেহি|

মানুহ-দুনুহ বৰ্জিত প্লেটফৰ্মত আঁঠুত মূৰ গুজি বহি তাই কান্দিবলৈ ধৰিলে|

 

খিৰিকীৰ পাল্লা এখন বতাহে জোৰে কোবাই যোৱাত হিৰণ্য সাৰ পাই গ’ল|

অভ্যাসবশত: হাতখনেৰে বিছনাৰ কাষটো খেপিয়াই চালে| 

“সাবিত্ৰী… সাবিত্ৰী…!” গাৰ ওপৰৰ পৰা বিছনা চাদৰ দলিয়াই হিৰণ্য বিছনাৰ পৰা নামিল| উত্ৰাৱল হৈ ঘৰটো বিচাৰি চলাথ কৰিলে| 

ক’তো নাই সাবিত্ৰী… তাইৰ বেগ দুটাও নাই|

Leave a Reply

Your email address will not be published. Required fields are marked *