హ్యూమన్ Vs మెషిన్ ట్రాన్సలేషన్ – ఏది ఎంచుకోవాలి?

Written by: Sravani Donti

যান্ত্ৰিক অনুবাদ হৈছে মানৱ অনুবাদৰ প্ৰতিস্থাপন। ইয়াৰ কাৰণটো হ’ল যন্ত্ৰৰ দ্বাৰা কৰা অনুবাদ মানৱ অনুবাদতকৈ দ্ৰুত আৰু অধিক কাৰ্যকৰী। ফলস্বৰূপে, যান্ত্ৰিক অনুবাদে শীঘ্ৰেই মানৱ অনুবাদৰ স্থান অধিকাৰ কৰিব আৰু তেওঁলোকৰ কৰ্মসংস্থানত হেঙাৰ হৈ থিয় দিব বুলি বহুতো অনুবাদক দ্বিধাগ্ৰস্ত হৈছে। সেয়েহে, মানৱ অনুবাদ আৰু যান্ত্ৰিক অনুবাদৰ ভিতৰত কোনটো বেছি ভাল আৰু এই দুই ধৰণৰ অনুবাদৰ ভৱিষ্যত কি সেয়া আলোচনা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

মানৱ অনুবাদ

মানৱ অনুবাদত, অনুবাদকে শব্দৰ বাছনি, জতুৱা ঠাঁচ, সুৰ, শ্লেষ, হাস্যৰস ইত্যাদিৰ সূক্ষ্মতা হৃদয়ংগম কৰি অনুবাদ কৰে। তাৰোপৰি, মানুহ সাংস্কৃতিক আৰু ভাষিক বিসংগতিৰ প্ৰতি সচেতন আৰু এই কথা বিশেষভাৱে লক্ষ্য ৰাখি অনুবাদ কৰে। এটা উদাহৰণৰ জৰিয়তে মানৱ অনুবাদৰ কিয় প্ৰয়োজন সেয়া বুজিবলৈ প্ৰয়াস কৰা হৈছে। অসমীয়া ভাষাত এষাৰ কথা আছে, “যি মূলা বাঢ়ে তাৰ দুপাততে চিন”। যান্ত্ৰিক অনুবাদে এই বাক্যটো “গজি উলিওৱা শিপাটো দুৱাৰমুখতে চিহ্নিত কৰা হয়” বুলি ইংৰাজীলৈ অনুবাদ কৰে। কিন্তু উপৰোক্ত কথাষাৰে এনেকুৱা এক অৰ্থহে প্ৰকাশ কৰে যে শৈশৱকালত প্ৰদৰ্শন কৰা স্বভাৱ-চৰিত্ৰ, গুণ-দোষ, চাল-চলন ইত্যাদিৰ পৰাই কোনো শিশু ভৱিষ্যতে কেনেকুৱা হ’ব সেয়া অনুমান কৰিব পৰা যায় । 

যান্ত্ৰিক অনুবাদত, এয়া উপৰোক্ত অসমীয়া ব্যাখ্যাটোৰ আক্ষৰিক অনুবাদহে মাথোঁ। মানৱ অনুবাদকে এনেক্ষেত্ৰত কথাষাৰৰ প্ৰাসংগিক অৰ্থ বুজিহে অনুবাদ কৰাত প্ৰাধান্য দিব, যিটো যন্ত্ৰৰ বাবে অসম্ভৱ। যন্ত্ৰৰ দ্বাৰা কৰা অনুবাদৰ সৈতে, সাংস্কৃতিকভাৱে আবদ্ধ অভিব্যক্তি, শব্দৰ ক্ৰমৰ পাৰ্থক্য আদিৰ পৰা অসুবিধাৰ উদ্ভৱ হোৱা পৰিলক্ষিত হয়।

বহুতো যান্ত্ৰিক অনুবাদৰ ত্ৰুটিৰ ফলত অস্পষ্টতা, ভুল বুজাবুজি আৰু ভুল ব্যাখ্যা হয়।

যান্ত্ৰিক অনুবাদ

যান্ত্ৰিক অনুবাদৰ এটা মুখ্য সুবিধা হ’ল ইয়াৰ দ্ৰুততা। Google বা Microsoft-ৰ দ্বাৰা বিকশিত অনুবাদ যন্ত্ৰৰ জৰিয়তে যিকোনো শব্দ বা বাক্য ছেকেণ্ডতে অনুবাদ কৰিব পাৰি। এইটোৱেই ঘাই কাৰণ যাৰ বাবে বহুতো ব্যৱসায়িক প্ৰতিষ্ঠানে মানৱ অনুবাদতকৈ যন্ত্ৰৰ দ্বাৰা পৰিচালিত অনুবাদ পছন্দ কৰে।

যান্ত্ৰিক অনুবাদৰ দ্বিতীয় মুখ্য সুবিধাটো হ’ল ইয়াৰ কম খৰচ। আজিকালি ভাষা সেৱা প্ৰদানকাৰীকে ধৰি বহুতো ব্যৱসায়িক প্ৰতিষ্ঠানে ধন ৰাহি কৰিবলৈ আৰু উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ যন্ত্ৰৰ দ্বাৰা অনুবাদ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে।

মানৱ বনাম যান্ত্ৰিক অনুবাদ

অনুবাদ উদ্যোগত স্বয়ংক্ৰিয়কৰণ আৰম্ভ হোৱাৰ পিছৰে পৰা, যান্ত্ৰিক আৰু মানৱ অনুবাদৰ বিষয়ে বিতৰ্ক হৈ আহিছে যদিও দুয়োটাৰ মানদণ্ডৰ বিষয়ে খুব কম লোকেই তৰ্ক কৰে।

মৌলিক স্তৰত, যন্ত্ৰই শব্দ বা শব্দসমূহক এটা ভাষাৰ পৰা আন এটা ভাষালৈ সৰল আক্ষৰিক অৰ্থতহে অনুবাদ কৰিব পাৰে । প্ৰকৃতাৰ্থত, যন্ত্ৰ অনুবাদ তেতিয়াহে সফল হ’ব আৰু ই উন্নত ফলাফল দেখুৱাব যেতিয়া ইয়াত মানুহৰ হস্তক্ষেপ থাকিব। কেৱল মানৱ অনুবাদ বিশেষজ্ঞইহে প্ৰাসংগিক অৰ্থ ধৰি ৰাখি অনুবাদ কৰিব পাৰে। অন্যহাতে, যান্ত্ৰিক অনুবাদ (মেচিন ট্ৰান্সলেচন বা চমুকৈ MT) এই ক্ষেত্ৰত বিফল হয়।

যান্ত্ৰিক অনুবাদত বজাৰৰ প্ৰৱণতা

২০২০ চনত ১৫৩.৮ নিযুত আমেৰিকান ডলাৰ মূল্যৰ যান্ত্ৰিক অনুবাদৰ বজাৰ ২০২৬ চনৰ ভিতৰত ২৩০.৬৭ নিযুত আমেৰিকান ডলাৰত উপনীত হ’ব বুলি আশা কৰা হৈছে। ই ২০২১-২০২৬ বৰ্ষত ৭.১% CAGRৰ সৈতে সামঞ্জস্যপূৰ্ণ।

অধিক দ্ৰুত আৰু ব্যয়সাধ্য অনুবাদৰ প্ৰয়োজন হোৱা ক্ৰমবৰ্ধমান বিশ্বায়িত পৃথিৱীত সমলৰ স্থানীয়কৰণৰ বৰ্ধিত চাহিদাৰ প্ৰসংগইহে উপৰোক্ত তথ্যৰ সঠিক ব্যাখ্যা কৰিব পাৰিব। কম্পিউটাৰ সহায়ক অনুবাদ (ইংৰাজীত যাক কোৱা হয় কম্পিউটাৰ এছিষ্টেড ট্ৰান্সলেচন বা চমুকৈ CAT) সঁজুলিৰ ব্যাপক ব্যৱহাৰৰ দ্বাৰা এনে প্ৰয়োজনীয়তা পূৰণ কৰা সম্ভৱ হৈছে। উচ্চস্তৰৰ শুদ্ধতা আৰু সঠিকতা লাভ কৰাৰ উদ্দেশ্যৰে উন্নত যান্ত্ৰিক শিক্ষণ আৰ্হি ব্যৱহাৰ কৰি এই সঁজুলিবোৰ নিৰন্তৰ ভিত্তিত উন্নত কৰা হৈছে।

যান্ত্ৰিক অনুবাদৰ ক্ষেত্ৰত অন্য এক আকৰ্ষণীয় বিকাশ হৈছে নিউৰেল মেচিন ট্ৰেন্সলেচন (NMT)ৰ প্ৰগতি। এই প্ৰকাৰৰ স্বয়ংক্ৰিয়কৰণে এক একত্ৰিত মডেলত শব্দ, বাক্যাংশ আৰু বাক্যৰ ধাৰাবাহিকতা অনুমান কৰিবলৈ সক্ষম হোৱাৰ বাবে কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ ৰূপত বৃহৎ পৰিমাণৰ ডেটা বিশ্লেষণ কৰে। সৰল ভাষাত, এয়াই হৈছে আৰ্টিফিচিয়েল ইনটেলিজেঞ্চ (চমুকৈ AI)।

যান্ত্ৰিক অনুবাদৰ ক্ষেত্ৰখনত শেহতীয়াভাৱে প্ৰত্যক্ষ কৰা সমূহ প্ৰৱণতাৰ সৈতে, বিশ্বব্যাপী উদ্যোগৰ বেছিভাগ গুৰুত্বপূৰ্ণ ব্যৱসায়িক প্ৰতিস্থানে এই নতুন বজাৰ খণ্ডত প্ৰৱেশ কৰিছে।

যান্ত্ৰিক অনুবাদৰ অসুবিধাসমূহ

যন্ত্ৰই আবেগ, সাংস্কৃতিক প্ৰত্যাশা, পৰিস্থিতি আদিৰ দৰে অ-মৌখিক উপাদানবোৰ বুজি নাপায়।  

যন্ত্ৰৰ দ্বাৰা পৰিচালিত অনুবাদত প্ৰসংগৰ বিবেচনা কৰা নহয়।

যান্ত্ৰিক অনুবাদকৰ নিখুঁততা ১০০% নহয়। 

বিভিন্ন ভাষাৰ বিভিন্ন ব্যাকৰণগত গাঁথনি আৰু শব্দভাণ্ডাৰ থাকে আৰু প্ৰতিটো ভাষাত একে ধাৰণা প্ৰকাশ কৰাৰ বিভিন্ন উপায় থাকে। আনহাতে, যন্ত্ৰ এটাই এই ধাৰণাবোৰ বুজি পোৱাত ব্যৰ্থ হয়।

উপসংহাৰ

যন্ত্ৰবোৰে এলগৰিথমৰ সহায়ত কাম কৰে। আনহাতে, মানুহ ভাষিক আৰু সাংস্কৃতিক সীমাৰ প্ৰতি অধিক সচেতন। যন্ত্ৰবোৰৰ আন ভাষাৰ সূক্ষ্মতা অনুভৱ কৰাৰ কোনো ধাৰণা নাই আৰু মানুহে এই ক্ষেত্ৰবোৰত উৎকৃষ্ট ভূমিকা পালন কৰে।

সেয়েহে, মানৱ অনুবাদৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। অনুবাদৰ মানদণ্ড আৰু সঠিকতাৰ বিবেচনাত, যন্ত্ৰই অতি সোনকালে দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা নিচেই কম!

Leave a Reply

Your email address will not be published. Required fields are marked *