লোকেলাইজেশ্যন উদ্যোগত নিয়োগৰ সুযোগ

Written by: Yasmin Sultana

অনুবাদক বুলিলে সাধাৰণতে যিধৰণৰ লোকৰ কথা মনলৈ আহে সেয়া হৈছে এটা ভাষাত সৃষ্ট গল্প, উপন্যাস আদি এটা ভাষালৈ অনুবাদ কৰা লোক। অনুবাদকৰ পেছা পূৰ্বে মুলতঃ সাহিত্যকৰ্ম আৰু ধৰ্মগ্ৰন্থতে সীমাবদ্ধ আছিল। গোলকীকৰণৰ প্ৰভাৱত ১৯৮০ চনৰ পাছৰেপৰা লোকেলাইজেশ্যন উদ্যোগৰ সূচনা হয়। ইয়াৰ লগে লগে অনুবাদৰ ক্ষেত্ৰখনতো নতুন সম্ভাৱনাই দেখা দিয়ে। 

‘লোকেলাইজেশ্যন’ কেৱল অনুবাদতে সীমাবদ্ধ নহয়। লোকেলাইজেশ্যনত কোনো সমল স্থানীয় ভাষালৈ অনুবাদ কৰোঁতে তাত স্থানীয় উপাদানসমূহো যোগ কৰি সাধাৰণ লোকৰ বাবে গ্ৰহণযোগ্য কৰি তোলা হয়। ইয়াৰ অৰ্থ হৈছে এটা ভাষা বা অঞ্চলৰ লোকসকলক তেওঁলোকৰ ভাষা আৰু সংস্কৃতি অনুসৰি কোনো সমলৰ মূল ৰূপ সলনি কৰি স্থানীয় ৰূপত তথ্য, সামগ্ৰী, সাহিত্য বা সেৱা প্ৰদান কৰা। লোকেলাইজেশ্যন কেৱল এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰাৰ প্ৰক্ৰিয়া নহয়, বৰঞ্চ বিভিন্ন ভাষা ভাষী লোকৰ সৈতে তেওঁলোকৰ আৱেগ বুজি এক কাৰ্যকৰী আৰু ফলপ্ৰসূ সংযোগ স্থাপন কৰাৰ এক উপায়। এই ক্ষেত্ৰখনত এতিয়া কেৰিয়াৰৰ বহুতো সুযোগ সৃষ্টি হৈছে। অৱশ্যে, লোকেলাইজেশ্যনৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ বাবে এই উদ্যোগৰ পৰিসৰ ক্ৰমশঃ বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে, আঞ্চলিক ভাষাত দখল থকা লোক সকলৰ বাবে কেৰিয়াৰৰ বহুতো নতুন সুযোগৰ সৃষ্টি হৈছে। সাহিত্যৰ অনুবাদ হওক অথবা কোনো কাৰিকৰী সমলৰ অনুবাদ হওক, দুয়োটাৰ বাবেই অনুবাদকে মূল পাঠৰ ভাষা (source language) ভালদৰে বুজি পাব লাগিব আৰু যিটো ভাষালৈ অনুবাদ কৰিব সেই ভাষাটোত (Target language) মূল পাঠৰ মৰ্মাৰ্থ প্ৰকাশ কৰিব পৰাকৈ দক্ষতা থাকিব লাগিব। 

লোকেলাইজেশ্যনৰ ক্ষেত্ৰত আক্ষৰিক অনুবাদৰ লগতে সাৰানুবাদৰো প্ৰয়োজন হয়। অনুবাদকগৰাকীয়ে মূল সমলৰ অৰ্থৰ পৰা বিচলিত নোহোৱাকৈ লক্ষ্য ভাষালৈ অনুবাদ কৰিব লাগে। এই কাৰ্য সফলতাৰে কৰিবলৈ দুয়োটা ভাষাতে আধিপত্য থকাটো অত্যন্ত আৱশ্যকীয়। বৰ্তমান সময়ত বিভিন্ন দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় কোম্পানীয়ে নিজৰ বজাৰ বিস্তাৰৰ বাবে লোকেলাইজেশ্যনৰ আশ্ৰয় লৈছে। যিবোৰ সমল পূৰ্বে ইণ্টাৰনেটত কেৱল ইংৰাজী ভাষাতহে পোৱা গৈছিল, সেইবোৰ আজিকালি এটা ক্লিক কৰিয়েই হিন্দী বা আন ভাৰতীয় ভাষাত পঢ়াৰ সুবিধা হৈছে। অৱশ্যে অসমীয়া ভাষাত এইক্ষেত্ৰত যথেষ্ট কাম কৰাৰ অৱকাশ আছে। লোকেলাইজেশ্যনৰ ক্ষেত্ৰখনত অসমীয়া ভাষাটো এতিয়াও চালুকীয়া অৱস্থাতে আছে। Google, Facebook, Microsoft আদি কোম্পানীয়ে অসমীয়া ভাষাটোক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। এই বৃহৎ আন্তৰাষ্ট্ৰীয় কোম্পানীসমূহৰ প্ৰ’ডাক্টবোৰৰ উপৰিও বিভিন্ন শিক্ষামূলক তথ্য, ঔষধ ব্যৱহাৰৰ নিৰ্দেশাৱলী, কৃষিকাৰ্যত প্ৰয়োগ কৰা সামগ্ৰী আদি কিদৰে ব্যৱহাৰ কৰিব লাগে আদি নিৰ্দেশাৱলী, বিভিন্ন সা-সঁজুলিৰ নিৰ্দেশনাও আজিকালি আমি অসমীয়া ভাষাত পঢ়িবলৈ পাওঁ যিবোৰ আগতে কেৱল ইংৰাজী বা হিন্দী ভাষাতহে পোৱা গৈছিল। লোকেলাইজেশ্যনৰ ফলতেই আমি সেই নিৰ্দেশনাৱলী আমি অসমীয়া ভাষাত পঢ়িবলৈ পাইছোঁ। এই সামগ্ৰীবোৰ প্ৰস্তুত কৰা কোম্পানীবোৰে অসমীয়া ভাষাতো এই নিৰ্দেশনাৱলী আগবঢ়াইছে যাতে সকলো লোকেই পঢ়ি বুজি পাব পাৰে।  এই কামত বৰ্তমান বহুতো লোক নিয়োজিত হৈ আছে আৰু বহুতো কোম্পানীয়ে ইংৰাজী আৰু অসমীয়া ভাষাত সমানে দখল থকা লোকৰ সন্ধান কৰি আছে। অনুবাদ বা লোকেলাইজেশ্যনৰ এই ক্ষেত্ৰখনৰ বিষয়ে অসমৰ খুৱ কমসংখ্যক লোকহে অৱগত, সেয়ে অসমীয়া ভাষাত দক্ষতা থাকিও এই সম্ভাৱনাপূৰ্ণ কেৰিয়াৰটোৰ সৈতে জড়িত হোৱাৰ পৰা বহুতো লোক বঞ্চিত হৈছে।

অনুবাদ কেৱল সাহিত্য বা বিজ্ঞাপন আদিতে সীমাবদ্ধ নহয়। মানূহৰ প্ৰযুক্তিগত প্ৰয়োজনীয়তা পূৰণৰ বাবেও অনুবাদ ব্যৱহাৰ হয়, উদাহৰণ স্বৰূপে Google Assistant, Alexa আদিৰ দৰে ব্যক্তিগত সহায়ক, Amazon, Flipkart আদি ই-কমাৰ্চ ছাইট, GooglePay, PhonePe, আদিৰ দৰে পৰিশোধ সঁজুলিৰ ব্যৱহাৰো অধিক সহজ হৈ পৰে যদিহে এইবোৰ আমাৰ নিজৰ ভাষাত উপলব্ধ হয়। এইবোৰৰ বাবে বৰ্তমান কোম্পানীবোৰে স্থানীয় ভাষাত দখল থকা লোকক নিয়োগ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্ণিঙৰ ক্ষেত্ৰখনো যথেষ্ট বিকশিত হৈছে আৰু কিছুমান ৱেবছাইটত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি কিছুমান ভাষালৈ  স্বয়ংক্ৰিয় অনুবাদো সম্ভৱ হৈ উঠিছে। এইবোৰৰ উপৰিও অনুবাদত সহায়ক হোৱাকৈ বৰ্তমান বিভিন্ন কম্পিউটাৰ এছিষ্টেড ট্ৰেন্সলেশ্যন (CAT) সঁজুলি উপলব্ধ। অৱশ্যে যন্ত্ৰৰ দ্বাৰা কৰা  অনুবাদ এশ শতাংশ শুদ্ধ নহয়। সম্পূৰ্ণ শুদ্ধ অনুবাদৰ বাবে কোম্পানীবোৰ এতিয়াও মানৱ অনুবাদকৰ ওপৰতেই নিৰ্ভৰশীল। 

ইয়াৰ উপৰিও, বিজ্ঞাপন উদ্যোগৰ সৈতে জড়িত অধিকসংখ্যক কোম্পানীয়ে প্ৰিণ্ট, টিভি, ডিজিটেল প্লেটফৰ্মত (Google, Facebook, Instagram আৰু ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইট) স্থানীয় ভাষাত বিজ্ঞাপন দিয়াটো প্ৰয়োজনীয় বুলি অনুভৱ কৰে। ইয়াৰ কাৰণ হৈছে এই কোম্পানীবোৰে ইংৰাজী আৰু হিন্দী নজনা এক বৃহৎ জনসংখ্যাৰ ওচৰলৈ গৈ তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিব বিচাৰে।

প্ৰতিটো কোম্পানীয়ে ইয়াৰ সামগ্ৰী আৰু সেৱাসমূহ আগবঢ়াওঁতে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন আৰু নিয়মাৱলী পালন কৰিবলৈ বাধ্য। সেয়েহে, কোম্পানীবোৰৰ নিয়ম আৰু চৰ্তাৱলীৰ আইনী বিৱৰণ স্থানীয় গ্ৰাহকসকলক জনোৱাৰ প্ৰয়োজন। লোকেলাইজেশ্যনৰ প্ৰক্ৰিয়াত এই কামটো অত্যন্ত কঠিন। এই চৰ্তাৱলীৰ অনুবাদৰ উপৰিও, ইয়াৰ বিৱৰণ আন ভাষাত সঠিকভাৱে উপস্থাপন কৰাটো নিশ্চিত কৰিবলৈ সমীক্ষা আৰু গুণগত মান পৰীক্ষা কৰাটোও অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। যাৰ বাবে কোম্পানীবোৰক প্ৰয়োজন হয় অভিজ্ঞ পুনৰীক্ষকৰ। ইয়াৰ অৰ্থ হৈছে যে লোকেলাইজেশ্যন এতিয়া প্ৰতিটো ক্ষেত্ৰৰ বাবে এক প্ৰয়োজনীয়তা, সেয়া বিপণন, চিকিৎসা, বিজ্ঞাপনেই হওক বা আইন।

বৰ্তমান, লোকেলাইজেশ্যনৰ ক্ষেত্ৰখনত বিভিন্ন ভূমিকাত অনুবাদক অথবা ভাষা বিশেষজ্ঞৰ প্ৰয়োজন আছে। সৃষ্টিশীল লেখক, সম্পাদক, অনুবাদক, পুনৰীক্ষক, ভাষাবিদৰ দৰে বিভিন্ন পদৰ বাবে ভাষা জনা দক্ষ লোকৰ বাবে নিয়োগৰ সুযোগ আছে। এই ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ বিভিন্ন সুবিধাও আছে। যদি আপোনাৰ ভাষাৰ দক্ষতা আছে আৰু আপুনি একাধিক ভাষা ভালদৰে জানে তেন্তে আপুনি সহজেই এনে পদবীত নিযুক্তি লাভ কৰিব পাৰে। বজাৰ বিস্তাৰৰ বাবে লোকেলাইজেশ্যনৰ আশ্ৰয় লোৱা বহুতো বহুজাতিক কোম্পানীয়ে বিভিন্ন ভাষাৰ অনুবাদককো পূৰ্ণকালীন নিযুক্তি দিয়ে। ইয়াৰ উপৰিও  আপুনি যদি এক নিৰ্দিষ্ট প্ৰকাৰৰ চাকৰিৰ দ্বাৰা আবদ্ধ হ’ব নিবিচাৰে তেনেহ’লে আপুনি এজন ফ্ৰিলান্স অনুবাদক হিচাপে এই ক্ষেত্ৰখনত কাম কৰিব পাৰে। য’ত কাৰো বাবে সময়ৰ বাধ্যবাধকতা নাই, মাথো আপুনি আপোনাৰ গ্ৰাহক কোম্পানীৰ প্ৰয়োজনীয়তা অনুসৰি কাম সম্পূৰ্ণ কৰিব লাগিব। পূৰ্ণকালীন আৰু ফ্ৰিলান্স দুয়োধৰণৰ কেৰিয়াৰতেই নিজা সুবিধা-অসুবিধা আছে। পূৰ্ণকালীন অনুবাদকে সাধাৰণতে কোম্পানীৰ কাৰ্যালয়ত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাম কৰিবলগীয়া হয় আৰু বিনিময়ত কোম্পানীৰ পৰা নিৰ্ধাৰিত দৰমহা লাভ কৰে (বহুতো কোম্পানীয়ে কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ সুবিধা প্ৰদান কৰে)। আনহাতে ফ্ৰিলান্স অনুবাদকে নিজৰ সময় আৰু সুবিধা অনুসৰি ঘৰৰ পৰাই কাম কৰিব পাৰে আৰু তেওঁৰ কাম আৰু উপাৰ্জনৰ কোনো সীমা নাথাকে। তদুপৰি, ক’ভিডৰ ফলত বৰ্তমান সময়ত প্ৰায়বোৰ কোম্পানীয়ে কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰাৰ সুযোগ দিছে আৰু লোকেলাইজেশ্যনৰ সৈতে জড়িত লোকসকলেও ইয়াৰ সুবিধা লাভ কৰিছে। 

কেৰিয়াৰ হিচাপে লোকেলাইজেশ্যনৰ অন্য দিশসমূহৰ লগতে ইয়াৰ দৰমহাৰ বিষয়েও আলোচনা কৰিব লাগিব। আপুনি যদি এগৰাকী দক্ষ অনুবাদক তেন্তে আপুনি মাহিলী প্ৰায় ২৫০০০ টকা দৰমহাৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। আপোনাৰ কামৰ মান, অভিজ্ঞতা, সময় পৰিচালনা আদিৰ ওপৰত নিৰ্ভৰ কৰি  আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে। দুপৰৰি অভিজ্ঞতা আৰু দক্ষতাৰ ভিত্তিত আপুনি অধিক দায়িত্বশীল পদবীতো নিযুক্তি লাভ কৰিব পাৰে।

লোকেলাইজেশ্যনৰ উদ্যোগটো দুটা দশকৰ আগতেই আৰম্ভ হৈছে যদিও এই ক্ষেত্ৰখনত অসমীয়া ভাষাটো এতিয়াও নতুন। এই ক্ষেত্ৰখনৰ উপযুক্ত বিকাশৰ বাবে এতিয়া প্ৰয়োজন দক্ষ আৰু উপযুক্ত লোকৰ। আপোনাৰ যদি অসমীয়া আৰু ইংৰাজী ভাষাত দক্ষতা আছে আৰু আপুনি লোকেলাইজেশ্যন উদ্যোগৰ সৈতে জড়িত হয় তেন্তে এই উদ্যোগটোৰ বিকাশৰ লগতে আপোনাৰ কেৰিয়াৰৰ পথো উৰ্ধগামী হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *