ভাষাৰ বৈচিত্ৰ্য আৰু বিজ্ঞাপনত আঞ্চলিক ভাষাৰ ব্যৱহাৰ

Written by: Yasmin Sultana

বৰ্তমানৰ ডিজিটেল সমলৰ যুগত আঞ্চলিক ভাষাৰ প্ৰাসংগিকতা

আপোনাৰ যদি ব্যৱসায় আছে আৰু আপুনি নিজৰ ব্ৰেণ্ডটো স্থানীয় বজাৰত সবলভাৱে উপস্থাপন কৰিব বিচাৰে, তেন্তে আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে স্থানীয় ভাষা ব্যৱহাৰ কৰিব লাগিব। বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে যে প্ৰায় 90% ব্যৱহাৰকাৰীয়ে আঞ্চলিক ভাষাত সমল ব্যৱহাৰ কৰিবলৈ পচন্দ কৰে। অসম তথা ভাৰত আন ৰাজ্যৰ প্ৰায়সংখ্যক লোকেই ইংৰাজী ভাষা আয়ত্ব কৰিবলৈ চেষ্টা কৰে আৰু বহু লোকেই ইংৰাজী ভাষা ভালদৰে জানে যদিও গ্ৰাম্যাঞ্চলৰ বহুতো লোকে অসমীয়া অথবা নিজ মাতৃভাষাটোহে ভালদৰে জানে। যিবোৰ কোম্পানীয়ে কেৱল ইংৰাজীত তেওঁলোকৰ ব্ৰেণ্ডৰ প্ৰচাৰ কৰে তেওঁলোকে নিশ্চিতভাৱে  লাখ লাখ ব্যৱহাৰকাৰীৰ কাষ চপাৰ পৰা বঞ্চিত হয়। আঞ্চলিক ভাষা ব্যৱহাৰ কৰিলে ব্ৰেণ্ডবোৰে অধিক সংখ্যক ব্যৱহাৰকাৰীৰ সঁহাৰি লাভ কৰিব পাৰে আৰু অধিক সংখ্যক গ্ৰাহকক সেই ব্ৰেণ্ডটোৰ সৈতে জড়িত কৰিব পাৰে।

গ্ৰাহকক কেৱল ব্ৰেণ্ডটোৰ বিষয়ে অৱগত কৰাটোৱেই বিপণন অথবা বিজ্ঞাপনৰ উদ্দেশ্য নহয়, বৰঞ্চ গ্ৰাহকক ব্ৰেণ্ডটোৰ সৈতে গ্ৰাহকক একাত্ম কৰাটোও এই উদ্দেশ্যৰ অংশ। বিগত দুটা দশকত বিপণনৰ ধৰণ যথেষ্ট সলনি হৈছে আৰু এই পৰিৱৰ্তনে কোম্পানীবোৰে তেওঁলোকৰ সাম্ভাব্য  গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰাৰ ধৰণত সৰ্বাধিক প্ৰভাৱ পেলাইছে। ছ’চিয়েল মিডিয়াৰ বহুল ব্যৱহাৰৰ ফলত কোম্পানীবোৰে তেওঁলোকৰ বিপণনৰ শৈলী সলনি কৰিবলৈ বাধ্য হৈছে। কোম্পানীবোৰে অনলাইন বিপণনত যথেষ্ট পৰিমাণে আঞ্চলিক ভাষাৰ সমল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু বিজ্ঞাপনসমূহত স্থানীয় আবেগ জড়িত উপাদান ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। এনে কৰাৰ উদ্দেশ্য হৈছে ব্ৰেণ্ডটোৱে যাতে সেই বিশেষ ভাষাটোৰ ব্যৱহাৰকাৰীসকলৰ আনুগত্য আৰু বিশ্বাস লাভ কৰিব পাৰে।

বৰ্তমান দেশৰ প্ৰায় প্ৰতিখন চহৰ আৰু গাঁৱত ইণ্টাৰনেট সুলভ। টি.ভি, বাতৰি কাকত আৰু আলোচনীৰ ঠাইত মানুহৰ হাতৰ মুঠিত লুকাই থকা স্মাৰ্টফোনটোত এতিয়া সমলৰ পয়োভৰ। ইণ্টাৰনেটৰ এই বিৱৰ্তনৰ ফলত এই দূৰৱৰ্তী স্থানসমূহত বাস কৰা লোকসকলৰ ওচৰলৈ যোৱা আৰু স্থানীয় ভাষাত তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰাটো সহজ হৈ পৰিছে। সেয়েহে, কোম্পানীসমূহৰ বাবে বহুভাষিক সমল সৃষ্টিত সময়, শক্তি আৰু ধন বিনিয়োগ কৰাটো গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে।

ডিজিটেল সমলৰ বাবে স্থানীয় ভাষাৰ ব্যৱহাৰ কিয় গুৰুত্বপূৰ্ণ?

ব্ৰেণ্ডবোৰে তেওঁলোকৰ ব্যৱসায় বিস্তাৰ কৰিবলৈ আঞ্চলিক অথবা স্থানীয় ভাষাবোৰ কিয় ব্যৱহাৰ কৰিব লাগে তাৰ কিছুমান কাৰণ তলত আলোচনা কৰা হৈছে:

সাংস্কৃতিক প্ৰাসংগিকতা

ভাৰত এখন সাংস্কৃতিকভাৱে অতি বৈচিত্ৰ্যপূৰ্ণ দেশ। প্ৰতিখন ৰাজ্যৰে নিজা সংস্কৃতি আৰু নিজা ভাষা আছে। কোনো কোনো ৰাজ্যত একাধিক অথবা কেইবাটাও উপভাষা ব্যৱহাৰ কৰা হয়। যেতিয়া যেতিয়া সেই ৰাজ্যৰ লোকসকলে অনুভৱ কৰে যে ব্ৰেণ্ডবোৰে তেওঁলোকক বুজি পায় আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আগ্ৰহী তেতিয়া তেওঁলোক সেই ব্ৰেণ্ডটোৰ প্ৰতি আকৃষ্ট হয়। মানুহক আকৰ্ষিত কৰিবলৈ তেওঁলোকে বুজি পোৱা ভাষাত অথবা তেওঁলোকৰ মাতৃভাষাত প্ৰচাৰ কৰাতকৈ উত্তম আন একো নাই। ব্ৰেণ্ডবোৰে সমল প্ৰস্তুত কৰাৰ সময়ত সেই ৰাজ্যখনৰ ভাষাৰ উপৰিও সংস্কৃতিৰ কথাও মনত ৰখা উচিত। যদি কোনো এটা অঞ্চলৰ প্ৰধান উৎসৱৰ সৈতে সংগতি থকা, যেনে অসমত ভোগালী বিহু অথবা ৰঙালী বিহুৰ সৈতে সম্পৰ্ক থকা অথবা পশ্চিমবংগৰ দূৰ্গা পূজাক বিষয়বস্তু হিচাপে লৈ প্ৰস্তুত কৰা এটা বিজ্ঞাপন কোনো ব্ৰেণ্ডে প্ৰচাৰ কৰে তেন্তে বিজ্ঞাপনটোৰ প্ৰতি সেই ঠাইৰ মানুহ আকৃষ্ট হোৱাটো স্বাভাৱিক। আনহাতে সেই একেটা বিজ্ঞাপন যদি আন কোনো অঞ্চলত প্ৰচাৰ কৰা হয় তেন্তে সি একেধৰণৰ সফলতা লাভ নকৰিবও পাৰে। আজিৰ যুগত, যদি কোম্পানীবোৰে তেওঁলোকৰ সমল স্থানীয় ভাষাত সৃষ্টি নকৰে, সেই সমলে কাকো অসন্তুষ্ট নকৰিলেও ব্যৱহাৰকাৰীসকলে সেই সমলৰ পৰা বিচ্ছিন্ন অনুভৱ কৰাৰ সম্ভাৱনা অধিক।

বিশ্বাস কিদৰে গঢ়ি তুলিব?

কোম্পানীবোৰে যেতিয়া স্থানীয় ভাষাত নিজৰ সমল সৃষ্টি কৰাৰ বাবে সময় আৰু ধন বিনিয়োগ কৰে, তেতিয়া তেওঁলোকৰ গ্ৰাহকসকলে অনুভৱ কৰে যে কোম্পানীটো অথবা ব্ৰেণ্ডটোৱে সেই সমাজখনৰ প্ৰতি অথবা সেই সংস্কৃতিৰ প্ৰতি সন্মান তথা আনুগত্য প্ৰকাশ কৰিছে। ফলস্বৰূপে, মানুহৰ মনত সেই কোম্পানীটোৰ প্ৰতি সদিচ্ছা জাগি উঠে।  অৰ্থাৎ তেওঁলোকে সেই কোম্পানী অথবা ব্ৰেণ্ডটোক ভাল পাবলৈ আৰু বিশ্বাস কৰিবলৈ আৰম্ভ কৰে আৰু কোম্পানীটোৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আৰম্ভ কৰে। স্থানীয় ভাষাৰ ব্যৱহাৰে সাম্ভাব্য গ্ৰাহকসকলৰ মনত ব্ৰেণ্ড এটাৰ প্ৰতি এটা বিশ্বাস জগাই তোলে যিটো ব্যৱসায়ৰ সফলতাৰ বাবে অতিকৈ প্ৰয়োজনীয়। তেওঁলোকে যিসকল গ্ৰাহকক লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰি লয়, সেই গ্ৰাহকসকলৰ সৈতে একেটা ভাষা ব্যৱহাৰ নকৰিলে ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া নেটৱৰ্কৰ জৰিয়তে নিজৰ ব্ৰেণ্ডৰ প্ৰচাৰ সফল হোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায়। 

নতুন ব্যৱহাৰকাৰী কিদৰে লাভ কৰিব?

ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাৰ দিশৰ পৰা ভাৰত বৰ্তমান বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। ভাৰতত ২২ টা চৰকাৰী ভাষা  আছে আৰু প্ৰতিটো ভাষাৰেই যথেষ্ট সংখ্যক লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক লক্ষ্য কৰি যিবোৰ ব্ৰেণ্ডে নিজৰ বিপণনৰ কৌশল প্ৰস্তুত কৰে তেওঁলোকে বৰ্তমান আঞ্চলিক ভাষাৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীক সৰ্বাধিক গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে। Google, Facebook, Microsoft আদি বৃহৎ আন্তঃৰাষ্ট্ৰীয় কোম্পানীবোৰে এইক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টালৈ লক্ষ্য কৰিলেই এই কথা স্পষ্ট হৈ পৰে। ওপৰোক্ত কোম্পানীবোৰে নিজৰ সকলো সেৱাই আঞ্চলিক ভাষাত প্ৰদান কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে। ব্ৰেণ্ড এটাৰ সামগ্ৰী অথবা সেৱাৰ বাবে যদি নতুন গ্ৰাহক লাভ কৰিব বিচাৰে, তেন্তে সেই আকাংক্ষিত গ্ৰাহকক আকৰ্ষিত কৰিবলৈ ব্ৰেণ্ডটোৱে সেই লোকসকলৰ বাবে নিজৰ প্ৰ’ডাক্টটো অধিক ব্যৱহাৰোপযোগী কৰি তুলিব লাগিব। তেনে কৰিবলৈ যাওঁতে আঞ্চলিক ভাষাৰ প্ৰয়োগ কৰাটো আটাইতকৈ উত্তম হ’ব।

কিদৰে অধিক সঁহাৰি লাভ কৰিব?

বিপণনত স্থানীয় ভাষা ব্যৱহাৰ এটা অন্যতম উদ্দেশ্য হ’ল কোম্পানী এটাই দিব বিচৰা বাৰ্তা অধিক স্পষ্টভাৱে মানুহৰ ওচৰলৈ লৈ যোৱা। উদাহৰণ স্বৰূপে, যদি কোনো ব্ৰেণ্ডৰ বিষয়ে ক’বলৈ এটা ইংৰাজী শ্লোগান ব্যৱহাৰ কৰা হয় তেন্তে ই ইংৰাজী ভাষী লোকসকলৰ বাবে উপযুক্ত হ’ব। কিন্তু, ভাৰতৰ কিছুমান ৰাজ্য, যেনে অসমত একেটা শ্ল’গান ব্যৱহাৰ কৰিলে, ই সিমান কাৰ্যকৰী নহ’বও পাৰে। আনহাতে সেই শ্লোগানটো অসমীয়া ভাযালৈ আক্ষৰিক অনুবাদ কৰিলেও ই সিমান ফলপ্ৰসূ নহ’ব। যদি সৰ্বাধিক সুফল লাভ কৰিবলৈ আশা কৰে তেন্তে কোম্পানীটোৱে সেই বাৰ্তাটো স্থানীয় ভাষাত প্ৰচাৰ কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু স্থানীয় ভাষা, সংস্কৃতি অনুসৰি বাৰ্তাটো সজাই পৰাই তুলিব লাগিব।  অনলাইন সমলত আঞ্চলিক ভাষা ব্যৱহাৰ কৰিলে ব্ৰেণ্ডবোৰে ব্যৱহাৰকাৰীক বেছিকৈ আকৰ্ষিত কৰিব পাৰে আৰু অধিক সঁহাৰি লাভ কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *