একবিংশ শতিকাত অসমীয়া ভাষাৰ বিকাশ

Written by: Yasmin Sultana

ভাষা হৈছে এখন বোৱতী নদীৰ দৰে, যাৰ প্ৰবাহ বাধাহীন আৰু নিৰন্তৰ। নদী এখনৰ দৰেই ভাষা এটা নিজস্ব গতিত আগবাঢ়ি গৈ থাকে আৰু সময়, পৰিস্থিতি অনুসৰি ইতিহাসৰ বিভিন্ন স্তৰত ইয়াৰ ৰূপ সলনি হয় ঠিক নদীয়ে সুঁতি সলোৱাৰ দৰেই। ভাষা এটাৰ বিকাশত সামাজিক, সংস্কৃতিক, ৰাজনৈতিক আদি বিভিন্ন উপাদান জড়িত হৈ থাকে। প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে।  প্রায় দুই কোটি মানুহে মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা আৰু ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীভুক্ত এই ভাষাটো বিভিন্ন পুথি-পাঁজি, আলোচনী, গৱেষণা পত্ৰিকা, বাতৰি কাকত, বৈদ্যুতিন মাধ্যম, ইন্টাৰনেট আদিত বহুলভাৱে ব্যৱহৃত এটা জীৱন্ত ভাষা। অসমৰ নিকটৱৰ্তী ৰাজ্যসমূহৰ সংযোগী ভাষা হিচাপেও অসমীয়া ভাষা ব্যৱহাৰ হৈ আহিছে। খ্ৰীষ্টীয় দশম শতিকামানতে স্বকীয় ৰূপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰা অসমীয়া ভাষাৰ মূল ভাৰতীয় আৰ্য ভাষা।  কিন্তু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰচলিত অনাৰ্য ভাষাবোৰে আৰ্যমূলীয় অসমীয়া ভাষাক আৰম্ভণিৰেপৰা গভীৰভাৱে প্ৰভাৱান্বিত কৰি আহিছে। মধ্য যুগত আৰৱী-পাৰ্চী ভাষা আৰু স্বৰাজোত্তৰ কালত ইংৰাজী ভাষাই অসমীয়া ভাষালৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।  অসমীয়া ভাষাৰ বিৱৰ্তনত বিভিন্ন কাৰকে সময়ে সময়ে প্ৰভাৱ পেলাইছে, যোৱা দুটা দশকত সৰ্বাধিক প্ৰভাৱ পেলোৱা দুটামান অন্যতম কাৰকৰ বিষয়ে তলত আলোচনা কৰা হৈছে, 

সামাজিক তথা সাংস্কৃতিক

এটা কথা অনস্বীকাৰ্য যে, ভাষা পৰিৱৰ্তনশীল৷ গতিয়েই ভাষা একোটাৰ প্ৰাণ৷ সময়ৰ লগত খাপ খাবলৈ যাওঁতে বা উদ্যোগ আৰু বিজ্ঞানৰ ন-ন সঁজুলিৰ লগত জীৱন যাপন কৰোঁতে হাতৰ কাষতে পোৱা আন ভাষাৰ শব্দকে আমি গ্ৰহণ কৰোঁ৷ সমাজ এখনত প্ৰবেশ কৰি স্থানীয় লোকৰ সৈতে মিলি পৰা অন্য ভাষা-ভাষী লোকেও ভাষা এটাৰ পৰিৱৰ্তনত অৰিহণা যোগায়। অসমত বহুসংখ্যক বাংলা আৰু হিন্দীভাষী লোকে বসবাস কৰিবলৈ আৰম্ভ কৰাৰ ফলত অসমীয়া ভাষাৰ বিৱৰ্তনত বাংলা, হিন্দী আদি আধুনিক ভাৰতীয় ভাষাবোৰৰ প্ৰভাৱো কম-বেছি পৰিমাণে পৰিছে। সভ্যতাৰ এক নতুন স্তৰলৈ গতি কৰোঁতেও কিছুমান পুৰণি শব্দ ত্যাগ কৰি নতুন শব্দক আঁকোৱালি লোৱা হয়, যেনে  পূৰ্বে ‘অন্ধ’, ‘কলা/বধিৰ’, ‘বোবা’ বা ‘শাৰিৰীক বাধাগ্ৰস্ত’ৰ পৰিৱৰ্তে আজিকালি ‘বিশেষভাৱে সক্ষম’ শব্দটো ব্যৱহাৰ কৰা হয়।

প্ৰযুক্তিৰ বিকাশ

প্ৰায় দুই দশকৰ আগতেই ইণ্টাৰনেট বিপ্লৱে বিশ্বৰ বিভিন্ন প্ৰান্তত সূচনা কৰা নতুন সম্ভাৱনাই শেহতীয়াকৈ হ’লেও অসমীয়া ভাষাতো ব্যাপক প্ৰভাৱ পেলাইছে। ছপাৰ উপৰিও অনলাইন মাধ্যমেও ভাষাটোৰ ব্যৱহাৰকাৰীসকলক আকৰ্ষিত কৰিছে। একবিংশ শতিকাৰ প্ৰথম দশকটোলৈ যদি আমি লক্ষ্য কৰোঁ, ইণ্টাৰনেটৰ সুবিধা কম্পিউটাৰতে সীমাবদ্ধ আছিল। কম্পিউটাৰে বিশ্বজুৰি জ্ঞান আৰু তথ্যভাণ্ডাৰৰ এক নতুন যুগৰ সূচনা কৰিছিল যদিও অসমীয়া ভাষাত সমল সৃষ্টি কৰা সহজসাধ্য নাছিল আৰু ফলস্বৰূপে সমলো উপলব্ধ হোৱা নাছিল। অসমীয়া লিপিৰ পৰিৱৰ্তে ৰোমান লিপি ব্যৱহাৰ কৰি ম’বাইল ফোনত বাৰ্তাৰ আদান প্ৰদান হৈছিল। ইয়াৰ বিপৰীতে যোৱাটো দশকত ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। কম্পিউটাৰ, ম’বাইল ফোন ইত্যাদিত বিভিন্ন লিখন সঁজুলি উপলব্ধ হোৱাৰ ফলতে সেইবোৰৰ সহায়ত সহজে অসমীয়া ভাষা লিখাটো সম্ভৱপৰ হৈ উঠিছে। ইয়াৰ ফলত বৰ্তমান ইণ্টাৰনেট অথবা সামাজিক মাধ্যমত মানুহে অসমীয়া ভাষাতো বাৰ্তাৰ আদান প্ৰদান বা বিভিন্ন সমল সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে, অৱশ্যে ই এতিয়াও চালুকীয়া অৱস্থাতে আছে। ইণ্টাৰনেটত সামাজিক মাধ্যম বা চচিয়েল মীডিয়া হ’ল ইণ্টাৰনেট ভিত্তিক আহিলাসমূহেৰে গঢ়ি তোলা সামাজিক সংযোগ মঞ্চ, যাৰ যোগেদি অংশগ্ৰহণকাৰীসকলে বিভিন্ন সমল সৃষ্টি আৰু বিনিময় কৰিব পাৰে।  আচলতে এই অনলাইন সামাজিক মাধ্যমবিলাক হ’ল পৰম্পৰাগত গণমাধ্যমৰ অসম্পাদিত ৰূপ। শেহতীয়াকৈ ব্ল’গিঙেও যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। যদিও অসমীয়া ভাষাত ষথেষ্ট পৰিমাণৰ সমল ইণ্টাৰনেটত উপলব্ধ নহয়, তথাপি এই ক্ষেত্ৰখনৰ ভৱিষ্যত সম্ভাৱনাপূৰ্ণ। 

পৰিৱৰ্তন সদায় ঐতিহাসিকভাৱে ইতিবাচক। ক্ৰমাগতভাবে মানুহে এই নব্য-মাধ্যমৰ উপকৰণসমূহক অপৰিহাৰ্য বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে। অসমীয়া মাধ্যমৰ দুৰাৱস্থা বা অসমীয়া ভাষা কোৱা বা লেখা মানুহৰ সংখ্যা কমি আহিছে বুলি হতাশাত ভোগাৰ বিপৰীতে নব্য মাধ্যমত বহুজনে নতুনকৈ অসমীয়া ভাষাত, অসমীয়া লিপি ব্যৱহাৰ কৰি লিখিবলৈ আৰম্ভ কৰিছে।

ইণ্টাৰনেটৰ প্ৰসাৰ

সামাজিক মাধ্যম তথা ইণ্টাৰনেটৰ বহুল প্ৰয়োগৰ ফলস্বৰূপে কিছুমান বিশেষ শব্দও বৰ্তমান দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে। এই শব্দসমূহৰ অসমীয়া পৰিশব্দ যে নাই তেনে নহয় কিন্তু মূল ইংৰাজী শব্দটোৰ ব্যৱহাৰ প্ৰতিনিয়ত হৈ থকাৰ বাবে মানুহে এই শব্দসমূহৰ সৈতে পৰিচিত হৈ উঠিছে আৰু এই বিদেশী শব্দসমূহক আঁকোৱালি লৈছে। সততে ব্যৱহাৰ হোৱা এনে কিছুমান শব্দ হৈছে, ‘কম্পিউটাৰ’, ‘মাউচ’, ‘এছএমএছ’, ‘ইণ্টাৰনেট’, ‘ৱেবছাইট’, ‘ব্লগ’, ‘ফে’চবুক’, ‘মেছেজ’, ‘শ্বেয়াৰ’, ‘ভাইৰেল’, ‘প’ৰ্টেল’ ইত্যাদি। আনহাতে, ব্যৱহাৰ নকৰা বাবেই বহু অসমীয়া শব্দ এতিয়া হেৰাই যোৱাৰ পথত। পৰিশব্দ থকা সত্বেও নিউজ পেপাৰ, ছেমিষ্টাৰ, চাৰ্টিফিকেট, পজিছন, লেকচাৰ, প্ৰেক্টিকেল, কাষ্টমাৰ, নিউজ কভাৰেজ, এছাইনমেণ্ট আদি বহু শব্দ আজিকালি অসমীয়া সদৃশ হৈ পৰিছে আৰু মূল অসমীয়া শব্দটো মানুহে ব্যৱহাৰ কৰিবলৈ এৰি পেলাইছে।

  প্ৰযুক্তিৰ বিকাশৰ লগে লগে মানুহে ইংৰাজীৰ সমানে অসমীয়া ভাষা ব্যৱহাৰতো গুৰুত্ব দিয়াৰ ফলস্বৰূপে Google, Facebook আদি আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহেও নিজৰ সেৱা অসমীয়া ভাষাত প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। বিভিন্ন অনলাইন শ্বপিং ছাইটতো অন্যান্য ভাৰতীয় ভাষাৰ লগতে অসমীয়া ভাষাও ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা গৈছে। তদুপৰি যিসকল লোকে ইংৰাজী ভাষাটো নাজানে তেওঁলোকক ইণ্টাৰনেটৰ বিশাল বজাৰখনৰ সৈতে সংযুক্ত কৰাৰ উদ্দেশ্যেৰে প্ৰতিষ্ঠানসমূহে নিজৰ সেৱাসমূহ স্থানীয়কৰণ কৰি ভাষাটো জীয়াই ৰখাৰ আৰু বিকাশ ঘটোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *